Connecting Science and Technology for a brighter tomorrow


সঞ্চালকৰ মেজৰপৰা

চিএছআইআৰ-উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, যোৰহাট, ভাৰত চৰকাৰৰ বৈজ্ঞানিক আৰু ঔদ্যোগীক গৱেষণা পৰিষদ, নতুন দিল্লীৰ অধীনত বিশেষত: উত্তৰ পূৰ্ৱাঞ্চলৰ সমস্যাসমূহৰ বৈজ্ঞানিক সমাধানৰ উদ্দেশ্য ১৯৬১ চনত স্থাপন কৰা হৈছিল । প্ৰতিষ্ঠানটোৱে ইয়াৰ শাসনাদেশ (mandate) আৰু মিছন আগত লৈ দেশ আৰু অঞ্চলটোৰ বিকাশৰ বাবে অৱদান আগবঢ়াই আহিছে । প্ৰতিষ্ঠানটোৰ চাৰ্টাৰ(Charter)ৰ লক্ষ্য হৈছে – (১)ভাৰতৰ উত্তৰ-পূৰ্ৱাঞ্চলক অপাৰ প্ৰাকৃতিক সম্পদৰ কাৰ্য্যকৰী ব্যৱহাৰ আৰু ভাৰতৰ বিশেষকৈ এই অঞ্চলটোৰ অৰ্থনীতিৰ উন্নতিৰ বাবে বৈজ্ঞানিক তথা গৱেষণাগত নিবিষ্টতা (Inputs)আগ বঢ়োৱা (২)সময়ে সময়ে অঞ্চলটোৱে সন্মুখীন হৈ অহা উন্নয়ণ তথা বিকাশ সম্পৰ্কীয় সমস্যাসমূহ সমাধানত সহায় কৰা (৩)দীৰ্ঘ্যম্যাদী সমস্যাসমূহ হাতত লোৱা, যিবোৰৰ সমাধানে অঞ্চলটোৰ অৰ্থনৈতিক আৰু ঔদ্যোগীক বিকাশ তৰান্বিত কৰিব আৰু (৪)যিবিলাক সমস্যাত বিশেষ মনোযোগৰ প্ৰয়োজন, সেইবিলাকত চৰকাৰী অনুষ্ঠান আৰু অন্যান্য ৰাষ্ট্ৰীয় গৱেষণাগাৰ বিলাকৰ মাজত সমন্বয়কৰ ভূমিকা পালন কৰা ।

বৰ্তমান প্ৰতিষ্ঠানটোৱে কৃষি-প্ৰযুক্তি, পৰিৱেশ অধ্যয়ন, ভেষজ গৱেষণা, খাৰুৱা তেল প্ৰদূষিত মাটিৰ জৈৱ নিৰাময়, ভূমিকম্প, ভূতাত্বিক গৱেষণা, মাটি আৰু বিল্ডিং উপকৰণ, নেন’ আৰু উন্নত পদাৰ্থ, কেটেলাইচিছ, সংশ্লেষিত অণু, কয়লা, পেট্ৰ’লিয়াম, তৈলক্ষেত্ৰ ৰাসায়নিক, আঁহ, কাগজ, প্ৰাকৃতিক দ্ৰৱ্য আদি মুখ্য বিষয়বিলাকত গৱেষণা কৰি আছে ।

অলপতে SCImago নামৰ এটি আন্ত:ৰাষ্ট্ৰীয় সংগঠনে কৰা ‘গৱেষণা প্ৰতিষ্ঠানসমূহৰ ‘SCImago আন্ত:ৰাষ্ট্ৰীয় ৰেংকিং (২০১৭)’ সমীক্ষাত সমগ্ৰ বিশ্বৰ ৫২৫০ টা প্ৰতিষ্ঠানৰ ভিতৰত চিএছআইআৰ-এ ৭৫ সংখ্যক স্থান লাভ কৰে । এই সমীক্ষাত চিএছআইআৰ-নেইষ্টে আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত ৫৫৬তম আৰু ভাৰতৰ ভিতৰত ১৫ তম স্থান লাভ কৰে । একেটা সমীক্ষাতেই চিএছআইআৰৰ গৱেণাগাৰসমূহৰ মাজত নেইষ্টে ১৫ নম্বৰ স্থান প্ৰাপ্ত কৰে ।

বিজ্ঞান আৰু প্ৰযুক্তিৰ এক প্ৰধান গৱেষণাগাৰ হিচাবে, প্ৰতিষ্ঠানটোৱে নতুন নতুন গৱেষণা তথা উন্নয়ণৰ মান অৰ্জন, প্ৰযুক্তিসমূহ লেবৰপৰা সৰ্বসাধাৰণৰ বাবে লৈ যোৱা, বৈজ্ঞানিক ও কুশল মানৱসম্পদ সৃষ্টি, দক্ষতা বিকাশ, উদ্যমিতা বিকাশ আৰু শৈক্ষিক তথা গৱেষণা প্ৰতিষ্ঠানৰ লগে লগে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ লগতো সমন্বয় তথা সহযোগিতাৰ বাবে কাম কৰি আহিছে । বিগত ৫ বছৰত প্ৰতিষ্ঠানটোৱে ৩৬ টা ঔদ্যোগিক সংস্থানলৈ ২০ টা প্ৰযুক্তি হস্তান্তৰ কৰে । প্ৰতিষ্ঠানটোৰ উচ্চমানৰ গৱেষণা বিভিন্ন আন্তৰ্জাতিক গৱেষণা পত্ৰিকাৰদ্বাৰা প্ৰকাশিত তথা প্ৰশংসিত হৈ আহিছে ।

প্ৰতিষ্ঠানটেৱে মাটি, পানী, সাৰ, বিল্ডিং সামগ্ৰী, চিমেন্ট, লোহা আৰু ষ্টীল, শিল, পেট্ৰ’লিয়াম, কয়লা, মণিক, আঁহ, কাগজ, ব’ৰ্ড আৰু বিভিন্ন প্ৰাকৃতিক সামগ্ৰীৰ চেম্পলৰ উচ্চ মানসম্পন্ন টেষ্টিং তথা বিশ্লেষণৰ সুবিধাও আগবঢ়াই আহিছে । এনেবোৰ কামৰ বাবে প্ৰতিষ্ঠানটো FE-SEM, HRTEM, XPS, AFM, XRD, NMR, AAS, HRMS, GCMS, Confocal microscope, flow cytometer, আদি মেচিনৰ সুবিধাৰে অত্যাধুনিক কৰি গঢ়ি তোলা হৈছে ।

আমি দেশৰ বিশেষকৈ ঊত্তৰ-পূৰ্ৱাঞ্চলৰ কল্যাণৰ হেতু আমি কৰি থকা গৱেষণাসমূহৰ বাস্তৱ ৰূপায়ণৰ বাবে সমাজ, শিক্ষানুষ্ঠান আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ সহযোগিতাক সদায়ে বাঞ্চা কৰো আৰু আদৰণি জনাওঁ ।

ড০ জি নৰহৰি শাস্ত্ৰী, সঞ্চালক
চিএছআইআৰ-নেইষ্ট

 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee