Connecting Science and Technology for a brighter tomorrow


এই গোটৰ বিৱৰণ

পলিমাৰ পেট্ৰ’লিয়াম এণ্ড ক’ল কেমিষ্ট্ৰী (পিপিচিচি) গোট হৈছে ভাৰত আৰু বিদেশত কয়লা আৰু পেট্ৰ’লিয়াম বিজ্ঞানৰ ওপৰত কাম কৰা উৎকৃষ্ট গৱেষণা গোটবোৰৰ ভিতৰত এটা। আৰম্ভণিৰ পৰাই এই গোটটোৱে সম্পদৰ মানদণ্ডৰ মূল্য়ায়ন আৰু ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ নিম্ন মানদণ্ডৰ কয়লাৰ সদব্য়ৱহাৰৰ বাবে থলুৱা পদ্ধতিৰ বিকাশ ঘটোৱাত নিয়োজিত আছে। গোটটো পলিমাৰ আৰু তেল উদ্যোগৰ বাবে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত প্ৰায়োগিক আৰু মৌলিক গৱেষণা দুয়োটাতে নিয়োজিত হৈ আছে। এই গোটটোৱে পেট্ৰ’লিয়াম আৰু সহযোগী উদ্যোগত ব্যৱহাৰৰ বাবে পলিমেৰিক এডিটিভৰ বিকাশত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। বিভাগটোৰ গৱেষণা প্ৰকল্পবোৰ কাৰ্যকৰী গোটৰ প্ৰৱৰ্তন, গ্ৰাফ্টিং, তাপীয় আৰু পলিমাৰৰ পোহৰ স্থিৰকৰণ, উচ্চ কনভাৰশ্য়ন আৰু জীৱন্ত ৰেডিকেল পলিমেৰাইজেশ্য়ন প্ৰণালীৰ (এটিআৰপি) ওপৰত, নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদৰ ওপৰত আধাৰিত নভেল পলিমাৰিক সামগ্ৰী প্ৰস্তুত কৰি পলিমাৰৰ সংশোধনৰ ওপৰত গুৰুত্ব দিয়া হয়। উচ্চ পলিমাৰ আৰু পেট্ৰ’লিয়াম সামগ্ৰীৰ গতিবিজ্ঞান আৰু ৰিঅ'লজীৰ ওপৰত অধ্যয়ন হৈছে বিভাগটোৰ আন এক মুখ্য গৱেষণাৰ ক্ষেত্ৰ। গোটটোৱে কয়লা আৰু পাৰিপাৰ্শ্বিক সমস্যাৰ বিভিন্ন দিশৰ ওপৰতো কাম কৰি আছে যাৰ ভিতৰত আছে কয়লা-আধাৰিত উদ্যোগৰ বাবে ৰাষ্ট্ৰীয় নিৰ্গমন তালিকা।

গোটটোৰ আধিদেশ

  • গোটটোৰ আধিদেশ হৈছে ভাৰতৰ জনসাধাৰণ আৰু সমাজৰ হিতৰ বাবে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিম্ন মানদণ্ডৰ কয়লাৰ কাৰ্যকৰী আৰু লাভজনক ব্যৱহাৰৰ বাবে থলুৱা প্ৰক্ৰিয়া বিকশিত কৰা। এই কয়লাৰ ব্যৱহাৰৰ সময়ত পৰিৱেশৰ অৱক্ষয় হ্ৰাস কৰা আৰু ইয়াৰ মূল্যায়ন কৰা হৈছে আন এক উদ্দেশ্য়।
  • গোটটোৰ উদ্দেশ্য় কেৱল পেট্ৰ’লিয়াম আৰু আনুষঙ্গিক উদ্যোগত ব্যৱহৃত পলিমাৰৰ বিকাশৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, লগতে পচনশীল পলিমাৰৰ বিকাশ, জৈৱ-লুব্ৰিকেণ্ট, জৈৱ-যৌগিক আৰু নেন’-কম্প’জিট আদিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা।

গোটটোৰ দৃষ্টি আৰু অভিযান
গোটটোৰ লক্ষ্য হৈছে এক জীৱন্ত গৱেষণা প্ৰ’ফাইল বজাই ৰখা যি আধুনিক সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰে আৰু সমাজলৈ পৰিৱৰ্তন কঢ়িয়াই আনে আৰু লগতে এই গৱেষণাৰ প্ৰয়োগেৰে দেশৰ বহল অৰ্থনৈতিক, সামাজিক আৰু পাৰিপাৰ্শ্বিক বিকাশৰ বাবে সেৱা আগবঢ়োৱা। এই গোটে আন্তঃশাখা গৱেষণাৰ জৰিয়তে ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱবিজ্ঞান আৰু সামগ্ৰী বিজ্ঞানৰ বিভিন্ন বাধা অতিক্ৰম কৰি এই পৰ্যায় পাবলৈ সক্ষম হৈছে।

  • উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ মানদণ্ডৰ ছালফাৰ, নিম্ন মানদণ্ডৰ কয়লাক ধাতৱিক কয়লা উদ্য়োগ আৰু শক্তি প্ৰকল্পত ব্য়ৱহাৰৰ বাবে নতুন, কম খৰছৰ আৰু পৰিবেশ অনুকূল পদ্ধতিৰ বিকাশ।
  • উত্তৰ পূৰ্বাঞ্চলৰ নিম্ন-মানদণ্ডৰ কয়লাৰ পৰা উচ্চ মূল্যৰ কাৰ্বন সামগ্ৰী উৎপাদন আৰু সেইসমূহৰ ঔদ্যোগিক প্ৰয়োগ।
  • পৰম্পৰাগত যৌগিকৰ তুলনাত পাৰিপাৰ্শ্বিক লাভালাভ থকা জৈৱ-যৌগিকৰ বিকাশ, যিহেতু ই পৰম্পৰাগত উপাদানবোৰক জৈৱ-পচনশীল বিকল্পৰ সৈতে সলনি কৰাৰ সম্ভাৱনা প্ৰদান কৰে।
  • উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদৰ সৰ্বোত্তম ব্য়ৱহাৰ।
  • উদ্যোগ, বিশ্ববিদ্যালয়, চৰকাৰ আৰু পেছাদাৰী সমাজৰ মাজত সহযোগিতামূলক প্ৰচেষ্টাক উৎসাহিত কৰা।
  • প্ৰাসঙ্গিক অত্যাধুনিক জ্ঞান আৰু প্ৰযুক্তিৰ আদান-প্ৰদান তথা বিকাশ উন্নত কৰা।
বিভাগীয় মূৰব্বী
ড০ ৰাজীৱ লোচন গোস্বামী
পিএইছডি ( অজৈৱ ৰসায়ন )
মূখ্য় বিজ্ঞানী
আইডি নং- ১৬৬
ইমেইল- goswamirl@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০০৮১ ফ্য়েক্স- ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- অইল ৱেল ড্ৰিলিং
গোটটোৰ নেতৃত্বক
ড০ জে. জয়াৰামুডু
পিএইছডি ( পলিমাৰ বিজ্ঞান আৰু প্ৰযুক্তি )
প্ৰধান বিজ্ঞানী
আইডি নং- ১২৭৬
ইমেইল- jayaramj@neist.res.in
মোবাইল- +৯১-৮৮২৮৪৮১৮৬৭
আগ্ৰহী ক্ষেত্ৰসমূহ- পলিমাৰ নেন’কম্প’জিট সামগ্ৰী, পলিমাৰ/ৰবৰ ৰসায়ন, ফাইবাৰ/ফেব্ৰিক চেলুল’জ ৰেইনফৰ্চড পলিমাৰ/বায়’পলিমাৰ কম্প’জিট, গ্ৰীণ কম্প’জিট, পলিমাৰ-আধাৰিত পেকেজিং প্ৰযুক্তি, পলিমাৰ-আধাৰিত উন্নত নেন’-গাঁথনিযুক্ত সামগ্ৰী
কাৰিকৰী বিষয়া
শ্ৰী ৰমেশ চান্দ ব’হৰা
এমএছচি
কাৰিকৰী বিষয়া
আইডি নং- ১১৬৪
ফোন- +৯১ ০৩৭৬ ২৩৭০১১৭ extn- ২৩৭০ ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- পেট্ৰ’লিয়াম প্ৰডাক্ট টেষ্টিং
টেকনিকেল কৰ্মকৰ্তা
শ্ৰী লাচিত ফুকন
বি এছচি
টেকনিচিয়ান-১
আইডি নং- ১১৫৪
ফোন- +৯১ ০৩৭৬ ২৩৭০১১৭ extn- ২৩৭০
ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- পেট্ৰ’লিয়াম প্ৰডাক্ট টেষ্টিং
শ্ৰী ৰঞ্জিত কুমাৰ বৰুৱা
গৱেষণাগাৰ সহায়ক
আইডি নং- ৮১৯
ফোন- +৯১ ০৩৭৬ ২৩৭০১১৭ extn- ২৩৭০
ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১

 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee