Connecting Science and Technology for a brighter tomorrow

প্ৰাকৃতিক দ্ৰৱ্য় ৰসায়ন গ্ৰুপে ইয়াৰ স্থাপনৰ সময়ৰ পৰাই ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ আৰু ঐতিহ্য়গতভাৱে সুখ্য়াতি সম্পন্ন কিছুমান নিৰ্বাচিত ঔষধীয় উদ্ভিদৰ ৰসায়নিক অনুসন্ধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু এই সমূহ ব্য়ৱহাৰ কৰি ঔষধ, পোক পতংগৰ নিৰাময় আদিৰ বাবে ব্য়ৱস্থাপনাৰ কাৰ্য্য় সম্পাদন কৰি আহিছে। যোৱা তিনিটা দশকজুৰি এই গ্ৰুপে বহুসংখ্য়ক উদ্ভিদৰ অনুসন্ধান কৰি আহিছে আৰু ইয়াপ পৰা বহুতো গুৰুত্বপূৰ্ণ অণুৰ পৃথকীকৰণ কৰি আহিছে আৰু ৪০০ তকৈও অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খ্য়াতি সম্পন্ন পত্ৰিকাত প্ৰকাশ পাইছে। তাৰোপৰি এই বিভাগটোৱে যথেষ্ট সংখ্য়ক প্য়েটেন্ট ফাইল কৰিছে আৰু বহুতো প্ৰযুক্তিৰ বিকাশ ঘটাই সেই সমূহ প্ৰাইভেট উদ্য়োগলৈ প্ৰেৰণ কৰিছে। এই বিভবাগে খাটি আৰ্টিথাৰ প্ৰযুক্তি বিকাশৰ বাবে ইটালিৰ বৈজ্ঞানিক প্ৰতিষ্ঠানৰ ৱৰ্ল্ড নেটৰ্ৱকৰ পৰা স্বীকৃতি লাভ কৰিছে। আৰ্টিথাৰ, আৰ্টিমিথাৰ আৰু আৰ্টিস্য়ুনেটৰ বাবে বিকশিত প্ৰযুক্তি মুম্বাইৰ মেচাৰ্চ এফ ডি চি লিমিটেডলৈ বাণিজ্য় সম্প্ৰসাৰণৰ বাবে হস্তান্তৰ কৰা হয়। অলপতে এই বিভাগে ঔষধিয়, সুগন্ধিযুক্ত আৰু অৰ্থনৈতিক উদ্ভিদ বিভাগ, স্বাস্থ্য় সেৱা কেন্দ্ৰ আৰু বিশ্ব ভাৰতী শান্তিনিকেতনৰ অধ্য়াপক সমীৰ ভট্টাচাৰ্যৰ দলৰ সহযোগিতাত বাঁত বিষ আৰু বেক্টেৰিয়াৰ বাবে হোৱা খজুৱতিৰ চিকিৎসাৰ বাবে দুবিধ ভেষজ ঔষধৰ বিকাশত মুখ্য় ভূমিকা গ্ৰহণ কৰিছে। প্ৰাকৃতিক দ্ৰৱ্য় ৰসায়ন গ্ৰুপে ইয়াৰ স্থাপনৰ সময়ৰ পৰাই চি এছ আই আৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰকল্পত অংশ গ্ৰহণ কৰি আহিছে আৰু ইয়াৰ পৰা এই বিভাগৰ বিজ্ঞানী সকলে প্ৰাকৃতিক দ্ৰৱ্য় ৰসায়নৰ ক্ষেত্ৰ খনত অভিজ্ঞতা লাভ কৰি আহিছে। এই বিভাগৰ বিজ্ঞানী সকলে বহুতো সফলতা লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এই বিভাগে প্ৰাকৃতিক দ্ৰৱ্য় ৰসায়নৰ উল্লেখিত দিশ সমূহত অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছে-
  • ৰসায়ন তথা জীৱাণুৰ সহায়েৰে প্ৰাকৃতিক দ্ৰৱ্য়ৰ মূল্য় সংযোজন।
  • প্ৰাকৃতিক ভাৱে সক্ৰিয় দ্ৰৱ্য়ৰ সম্পূৰ্ণ সংশ্লেষণ।
  • ঔষধ আৰু ঔষধৰ মধ্য়ৱৰ্তী সৃষ্টিৰ বাবে প্ৰযুক্তিৰ বিকাশ।
  • পুষ্টিকাৰক খাদ্য়।
  • পোক পতংগৰ নিয়ন্ত্ৰনৰ বাবে উদ্ভিদ ভিত্তিক দ্ৰৱ্য়ৰ বিকাশ।
  • উদ্য়োগকৰ্মী আৰু ঔষধীয় উদ্ভিদৰ খেতিয়ক সকলক ফাইট’কেমিকেল বিশ্লেষণ প্ৰদান।
  • ভেষজ ঔষধৰ বিকাশ।
বিভাগীয় মূৰব্বী
ড০ অৰ্চনামণি দাস
এম ফিল, পি এইছ ডি ( জৈৱ ৰসায়ন )
প্ৰধান বিজ্ঞানী
আই ডি নং- ১০৫১
ইমেইল- archanamoni@neist.res.in, amd_das2001@yahoo.co.in
ফোন- +৯১০৩৭৬ ২৩৭০১২১ extn- ২৩৬৪, ফ্য়েক্স- ০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ- জৈৱিক ৰসায়ন


বিজ্ঞানী সকল
ড০ সুব্ৰত ঘোষ
পি এইছ ডি ( জৈৱিকভাৱে সক্ৰিয় প্ৰাকৃতিক দ্ৰৱ্য়ৰ সম্পূৰ্ণ সশ্লেষণ )
জ্য়েষ্ঠ বিজ্ঞানী
আই ডি নং- ১২৬৫
ইমেইল- subrata@neist.res.in , ocsgin@gmail.com
অভিজ্ঞ ক্ষেত্ৰসমূহ- জৈৱিক সংশ্লেষণ, প্ৰাকৃতিক দ্ৰৱ্য়ৰ সম্পূৰ্ণ সশ্লেষণ, জীৱাণুৰ পৰা ঔষধৰ আৱিষ্কাৰ, আণৱিক স্বীকৃতি, কৰ্কট ৰোগৰ ঔষধ বিজ্ঞান, আলজেইমাৰ আৰু নিউৰ’ডিজেনেৰেটিভ
নিজা ৱেবছাইট
ড০ গকুল বশ্য়
পি এইছ ডি
জ্য়েষ্ঠ বিজ্ঞানী
আই ডি নং- ১১৭৮
ইমেইল- gbaishya@neist.res.in
ফোন- +৯১০৩৭৬ ২৩৭০১২১ extn- ২৩৬৪, ফ্য়েক্স- ০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ- জৈৱ ৰসায়ন
ড০ ৰিংকু বশ্য়
পি এইছ ডি, প’ষ্ট ডক্টৰেল ফেল’- বেন গুৰিয়ন বিশ্ববিদ্য়ালয়, ইজৰাইল
বিজ্ঞানী ( ঔষধ বিজ্ঞান )
আই ডি নং- ১২৭৮
ইমেইল- rbaishya@neist.res.in, rinku.niper@gmail.com
ফোন- ৯৮৭৪৪৯২৪১৬, ফ্য়েক্স- ০৩৭৬-২৩৭০০১১
Area’s of Interest : অভিজ্ঞ ক্ষেত্ৰসমূহ- ঔষধীয় কাৰ্যৰ বাবে প্ৰাকৃতিক আৰু কৃত্ৰিম উপাদানৰ স্ক্ৰীণিং, ভেষজ ঔষধৰ বিকাশ আৰু ইয়াৰ নিৰাপত্তাৰ মূল্য়ায়ন, এইসমূহৰ কাৰ্যকাৰিতা আৰু সেৱনৰ মাত্ৰা নিৰ্ধাৰণ কৰা, কৰ্কট ৰোগৰ বাবে দীৰ্ঘস্থায়ী প্ৰতিষেধক দ্ৰৱ্য়ৰ বিকাশ আৰু প্ৰয়োগৰ বিষয়ে অধ্য়য়ন, জিন থেৰাপি এজেন্ট, ভেক্সিন ইত্য়াদি, নিগনি আৰু এন্দুৰৰ জৰিয়তে জন্তুৰ মডেলৰ বিকাশ
কাৰিকৰী বিভাগ
শ্ৰী যুতা ৰুমি বৰা
বি এছচি, বি এড.
টেকনিচিয়ান (১)
আই ডি নং- ১১৪৫
ইমেইল- rborah277@gmail.com, rumiborah@neist.res.in
ফোন- ০৩৭৬ ২৩৭১২৮৩ extn- ২৫২১, ফ্য়েক্স- ০৩৭৬-২৩৭০০১১
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee