Connecting Science and Technology for a brighter tomorrow




গোটটোৰ বিৱৰণ
চিএছআইআৰ-নেইষ্টৰ চেলুল’জ পাল্প আৰু পেপাৰ গোটটো হৈছে সমগ্ৰ চিএছআইআৰৰ একমাত্ৰ পৰীক্ষাগাৰ যি চেলুল’জ, পাল্প, কাগজ, ব’ৰ্ড আৰু প্ৰাকৃতিক আঁহৰ ওপৰত গৱেষণা আৰু পৰীক্ষাগাৰ সম্পাদন কৰে। এই গোটৰ গৱেষণা আৰু উন্নয়ণৰ মূখ্য় ক্ষেত্ৰ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদৰ সদ-ব্য়ৱহাৰ কৰি বিভিন্ন ধৰণৰ উন্নত মানদণ্ডৰ সামগ্ৰীৰ বিকাশ ঘটোৱা। এই অঞ্চলৰ প্ৰাকৃতিকভাৱে উপলব্ধ বায়’মাচৰ ওপৰত আধাৰিত কৰি ইতিমধ্যে কেইবাটাও প্ৰযুক্তি বিকশিত কৰা হৈছে আৰু তাৰে কিছুমান দেশৰ বিভিন্ন স্থানলৈ স্থানান্তৰ কৰা হৈছে। এই বিভাগত বিকশিত হোৱা প্ৰযুক্তি সমূহৰ ভিতৰত কেইটামান উল্লেখনীয় হৈছে- কাৰ্বনবিহীন কপিপেপাৰ, থাৰ্মোগ্ৰাফিক পেপাৰ, ডাইৰেক্ট কপিপেপাৰ, ইচিজি কাকত যিয়ে এই প্ৰতিষ্ঠানলৈ নাম আৰু খ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। হস্তনিৰ্মিত কাগজ, কাগজৰ শ্লেট, প্লাষ্টিকৰ শ্লেট, পাৰ্টিক’ল বোৰ্ড, গামযুক্ত কাগজ, গাম পেষ্ট হৈছে এই গোটৰ দ্বাৰা বিকশিত কিছুমান গ্ৰাম্য/কুটিৰ স্কেল প্ৰযুক্তি। এই গোটে এফআইচিচিআই বঁটা, এনআৰডিচি বঁটা, উদ্ভাৱন প্ৰচাৰ বঁটা, ড০ পিচি গোস্বামী বঁটা আদি কেইবাটাও সন্মানীয় বঁটা লাভ কৰিছে।

বৰ্তমানৰ গৱেষণা ক্ষেত্ৰ
বৰ্তমান এই গোটে পাল্প আৰু কাগজ উদ্যোগত পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ বাবে পাল্পিং আৰু ব্লিচিং প্ৰক্ৰিয়াত জীৱাণু আৰু মাইক্ৰ’বাইল এনজাইম প্ৰয়োগৰ ওপৰত সক্ৰিয়ভাৱে কাম কৰি আছে। কামটো ১২ এফৱাইপিৰ চিএছআইআৰ-নেটৱৰ্ক প্ৰকল্পৰ অধীনত সম্পন্ন কৰা হৈছে, চিএছআইআৰ-নেইষ্টে নডেল পৰীক্ষাগাৰ হিচাপে কাম কৰি আছে। এই প্ৰকল্পটোত চিএছআইআৰ-চিএলআৰআই, চিএছআইআৰ-চিএছএমচিআৰআই, চিএছআইআৰ-এনআইআইএছটি, চিএছআইআৰ-আইএমএমটি আৰু চিএছআইআৰ-আইএমটেকৰ পাঁচখন চিএছআইআৰ পৰীক্ষাগাৰে অংশগ্ৰহণ কৰিছে। লগতে এই গোটটোৱে মূল্য সংযোজন সামগ্ৰীৰ বাবে চামৰাৰ আৱৰ্জনা সামগ্ৰী ব্যৱহাৰকৰাৰ ক্ষেত্ৰত চিএছআইআৰ-চিএলআৰআইৰ সৈতে আন এক গুৰুত্বপূৰ্ণ প্ৰকল্প "জেৰিছ"ত (ZERIS) সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে। ইয়াৰ উপৰিও এই গোটত কইৰ-ব’ৰ্ড, ডিএছটি আৰু ব্যক্তিগত সংস্থাৰ দৰে বিভিন্ন সংস্থাৰ দ্বাৰা পুঁজি যোগান ধৰা কেইবাটাও অনুদান প্ৰকল্প চলি আছে।
শেহতীয়া বছৰবোৰত প্ৰযুক্তিবোৰ যেনে; নিম্ন ধূলিপ্ৰযুক্তি, তৰল ডিঅ'ড্ৰেণ্ট ক্লিনাৰ আৰু কলৰ আঁহ সাধাৰণ লোকসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে আৰু এই প্ৰযুক্তিবোৰ দেশ আৰু বিদেশত (শ্ৰীলংকা) স্থানান্তৰিত কৰা হৈছে। সামাজিক কাৰ্যকলাপৰ ক্ষেত্ৰত চেলুল’জ পাল্প আৰু পেপাৰ গোটটোৱে যুৱ উদ্যোগীসকলক আকৰ্ষিত কৰিবলৈ আৰু অঞ্চলটোত দক্ষতা বিকাশ আৰু উদ্যোগৰ বাবে বিভিন্ন স্থানত সময়ে সময়ে চেমিনাৰ, কৰ্মশালা, প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

গোটৰ নেতৃত্বক
ড০ দিপুল কলিতা
পিএইছডি ( কৃষিবিজ্ঞান )
জ্য়েষ্ঠ বিজ্ঞানী
আইডি নং- ১০৫৯
ইমেইল- dipulkalita@neist.res.in, dipkalita_2001@yahoo.co.in
ফোন- +০৩৭৬-২৩৭০০১১/২৩৭০১৩৯, extn-২৪২৬ ফ্য়েক্স-০৩৭৬-২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- চেলুল’জ পাল্প আৰু পেপাৰ, ফাইবাৰ প্ৰযুক্তি, নিৰ্মাণ সামগ্ৰী
বিজ্ঞানী সকল
ড০ অজিত সিং
পিএইছডি: পলিমাৰ কেমিষ্ট্ৰী ( চিএছআইআৰ-আইআইচিটি, হাইদৰাবাদ )
বিজ্ঞানী
আইডি নং- ১২৬০
ইমেইল- ajit.chem2006@gmail.com, ajitsingh@neist.res.in
ফ্য়েক্স-০৩৭৬-২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- পলিমাৰ কেমিষ্ট্ৰী
শ্ৰী পাৰ্থ মজুমদাৰ
বিই ( কেমিকেল ), এমটেক ( কেমিকেল ) এনআইটি ডিজিপি
বিজ্ঞানী
আইডি নং- ১২৫৮
ইমেইল- pmajumder@neist.res.in, parjum@yahoo.com
ফোন- +০৩৭৬-২৩৭০০১১/২৩৭০১৩৯,extn-২৪২৬ ফ্য়েক্স-০৩৭৬-২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- চেলুল’জ পাল্প আৰু পেপাৰ, নেন’ বিজ্ঞান
কাৰিকৰী বিষয়া
ড০ দিপাংক দত্ত
পিএইছডি ( ৰসায়ন বিজ্ঞান )
জ্য়েষ্ঠ কাৰিকৰী বিষয়া (১)
আইডি নং- ১১৫৭
ফোন- +০৩৭৬-২৩৭০০১১/২৩৭০১৩৯,extn-২৪২৬ ফ্য়েক্স-০৩৭৬-২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- নেন’ বিজ্ঞান, কেটালাইচিছ, ফাইবাৰ প্ৰযুক্তি, চেলুল’জ পাল্প আৰু পেপাৰ, নিৰ্মাণ সামগ্ৰী
টেকনিকেল কৰ্মকৰ্তা
শ্ৰী মতী পুষ্পা কুমাৰী দাস
এইছ এছ
টেকনিচিয়ান (২)
আইডি নং- ১১৪৭
ফোন- +০৩৭৬-২৩৭০০১১/২৩৭০১৩৯,extn-২৪২৬ ফ্য়েক্স-০৩৭৬-২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- চেলুল’জ পাল্প আৰু পেপাৰ
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee