| শৈক্ষিক কাৰ্য্যক্ৰম |
| গৱেষণাগত সুবিধাসমূহ |
| টেণ্ডাৰ |
| প্ৰাসংগিক লিংকসমূহ |
| আৰটিআই |
| ফটো গেলেৰী |
| ৱেব-মেইল |
| যোগাযোগ আৰু ঠিকনা |
পলকতে চিএছআইআৰ-নেইষ্ট
চিএছআইআৰ-উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (নেইষ্ট) ভাৰত চৰকাৰৰ বৈজ্ঞানিক আৰু ঔদ্যোগীক গৱেষণা পৰিষদ (চিএছআইআৰ)ৰ অধীনত এটা বহুমুখী গৱেষণাগাৰ ।
এই গৱেষণাগাৰটো দেশৰ বিশেষকৈ উত্তৰ-পূৰ্ৱাঞ্চলৰ বাবে প্ৰাসংগিক বিজ্ঞান গৱেষণা আৰু ঔদ্যোগীক উন্নয়ণৰ বাবে উৎসৰ্গিত । ১৯৬১ চনৰ ১৮ মাৰ্চ তাৰিখে আঞ্চলিক গৱেষণাগাৰ, যোৰহাট নামেৰে স্থাপন হোৱা এই গৱেষণাগাৰটোৰ মূল উদ্দেশ্য হ’ল ভাৰতৰ অপাৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ কৰি বৈজ্ঞানিক গৱেষণাৰ জৰিয়তে দেশীয় প্রযুক্তি বিকাশ ঘটোৱা । ভাৰতৰ উত্তৰ-পূৱ পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, খনিজ সম্পদ, চাহ উদ্যোগৰ লগতে ঔষধী আৰু সুগন্ধী উদ্ভিদ আদিত যথেষ্ট চহকী । সেইহেতুকে, এই গৱেষণাগাৰটোৰ বাবে এই সম্পদসমূহৰ বহনক্ষম ব্যৱহাৰৰ জৰিয়তে প্ৰযুক্তি বিকাশ ঘটাই ঔদ্যোগীক ক্ষেত্ৰখনৰ উন্নয়ণ আৰু সম্প্ৰসাৰনৰ বাবে লক্ষ্য বান্ধি লোৱা হৈছিল । স্থাপন কালৰেপৰা এই গৱেষণাগাৰটোৱে কৃষি-প্ৰযুক্তি, জীৱবিদ্যা আৰু তৈলক্ষেত্ৰ ৰসায়ন ক্ষেত্ৰত ১০০ টাতকৈয়ো অধিক প্ৰযুক্তি উদ্বাৱন কৰিছে । তাৰে ৪০ শতাংশ প্ৰযুক্তি দেশৰ বিভিন্ন অঞ্চলত ভিন ভিন উদ্যোগ সৃষ্টিৰ জৰিয়তে বাণিজ্যিকভাবে সফল হৈছে । গৱেষণাগাৰটোৱে কৃষি-প্ৰযুক্তি, প্ৰাকৃতিক দ্ৰৱ্য ৰসায়ন, ঔষধ আৰু ঔষধীয় ইন্টাৰমেডিয়েট, ভিএছকে চিমেন্ট, উদ্ভিদ প্ৰযুক্তি, পেট্ৰ’লিয়াম মাইক্ৰ’বায়’ল’জি আৰু পেট্ৰ’কেমিকেলছ, খাৰুৱা তেল পৰিবহন, পৰিৱেশ অধ্যয়ন, কাগজ পণ্য আৰু প্রাকৃতিক আঁহ, ভূতাত্বিক গৱেষণা, মাটি আৰু বিল্ডিং উপকৰণ, ফাউণ্ডেচন ডিজাইন ইঞ্জিনিয়াৰিং, আদি ক্ষেত্ৰত নৈপুণ্য অৰ্জন কৰিছে । গৱেষণাগাৰটোৰ প্ৰযুক্তি ব্যৱহাৰৰ জৰিয়তে ভাৰতত উৎপাদিত পণ্য বাৰ্ষিক ঘৰুৱা আয় প্ৰায় ১১০ কোটি টকা ।











